Read Bible
Free to use • No login or registration required • For all ages
Choose your language, version, book, and chapter below. You can optionally pick a single verse for a focused view. Then click Go to see the passage. Need help? See our How to use guide.
1. পাছত পলেষ্টীয়াসকলে নিজৰ সৈন্যসামন্তক অফেকত একগোট কৰিলে, তেতিয়া ইস্ৰায়েলৰ লোকসকলে যিজ্ৰিয়েলত থকা ভুমুকৰ ওচৰত ছাউনি পাতিলে।
2. যেতিয়া পলেষ্টীয়া অধিপতিসকলে হাজাৰ হাজাৰ সৈন্য লৈ ক্ৰমে আগবাঢ়ি গ’ল, তেতিয়া সকলোৰে শেষত আখীচৰ লগত দায়ুদ আৰু তেওঁৰ লোকসকলো গ’ল।
3. তেতিয়া ফিলিষ্টীয়া অধিপতিসকলে সুধিলে, “এই ইব্ৰীয়া লোকসকলে ইয়াত কি কৰি আছে?” তেতিয়া আখীচে পলেষ্টীয়া অধিপতি সকলক উত্তৰ দি ক’লে, “সেই মানুহ জন ইস্ৰায়েলৰ ৰজা চৌলৰ দাস দায়ুদ নহয় নে? তেওঁ ক’ত দিন আৰু ক’ত বছৰ মোৰ লগত বাস কৰি আছে; আৰু তেওঁ যেতিয়াৰে পৰা মোৰ ফলীয়া হ’ল, তেতিয়াৰে পৰা আজিলৈকে মই তেওঁৰ কোনো দোষ পোৱা নাই।”
4. কিন্তু তেওঁৰ ওপৰত পলেষ্টীয়া অধিপতিসকলৰ খং উঠিল আৰু তেওঁলোকে তেওঁক ক’লে, “তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা, সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক, সি যুদ্ধলৈ আহিলে কিজানি আমাৰ শত্ৰু হ’ব; নহলেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয় নে?
5. দায়ুদক লৈ লোকসকলে পৰস্পৰৰ মাজত গান গাই এইদৰে যে নাচিছিল, ‘চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক, ই জানো সেই দায়ুদ নহয়?’”
6. তেতিয়া আখীচে দায়ূদক মাতি আনিলে আৰু তেওঁক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তুমি সৰল লোক, আৰু সৈন্যসামন্তৰ মাজত তুমি যে মোৰ লগত আহিছা, সেয়া মই ভাল দেখিছোঁ; কিয়নো তুমি মোৰ ওচৰলৈ অহা দিনৰে পৰা আজিলৈকে মই তোমাৰ কোনো দোষ পোৱা নাই; তথাপি অধিপতিসকল তোমাক লৈ সন্তুষ্ট নহয়।
7. এতেকে পলেষ্টীয়া অধিপতিসকলক বেজাৰ নিদিবৰ বাবে, এতিয়া তুমি কুশলে উভটি যোৱা।”
8. তেতিয়া দায়ূদে আখীচক ক’লে, “কিন্তু মই কি কৰিলোঁ? যেতিয়াৰে পৰা আপোনাৰ লগত আছোঁ, তেতিয়াৰে পৰা আজিলৈকে আপুনি এই দাসৰ জীৱনত কি দোষ পালে যে, মই মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ যাব নোৱাৰোঁ?”
9. তেতিয়া আখীচে দায়ূদক ক’লে, “মই জানিছোঁ যে, তুমি মোৰ দৃষ্টিত ঈশ্বৰৰ দূতৰ নিচিনা উত্তম; তথাপি পলেষ্টীয়া অধিপতি সকলে কৈছে, ‘সেই মানুহ আমাৰ লগত ৰণলৈ যাব নোৱাৰে।’
10. এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাস সকলে ৰাতিপুৱাই উঠিবা আৰু পোহৰ হ’লেই প্ৰস্থান কৰিবা।”
11. তেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকলে ৰাতিপুৱাই উঠিল আৰু যাত্ৰা কৰি ফিলিষ্টীয়া সকলৰ দেশলৈ উভটি গ’ল। কিন্তু পলেষ্টীয়া সকল যিজ্ৰিয়েললৈ গ’ল।