Read Bible

Free to use • No login or registration required • For all ages

Choose your language, version, book, and chapter below. You can optionally pick a single verse for a focused view. Then click Go to see the passage. Need help? See our How to use guide.

1 Samuel 21

1. তাৰ পাছত দায়ুদ নোবত থকা অহীমেলক পুৰোহিতৰ ওচৰলৈ আহিল। তাতে অহীমেলকে কঁপি কঁপি দায়ূদৰ লগত সাক্ষাৎ কৰিবলৈ আহিল, আৰু তেওঁক ক’লে, “কিয় তোমাৰ লগত কোনো নাই আৰু তুমি কিয় অকলে আহিছা?”

2. দায়ূদে অহীমেলক পুৰোহিতক ক’লে, “ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে, আৰু মোক ক’লে, ‘মই তোমাক যি কাৰ্যৰ উদ্দেশে পঠাইছোঁ আৰু তোমাক কি আদেশ দিছোঁ সেই যিষয়ে যেন কোনেও গম নাপাই।’ মই যুৱক সকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ।

3. এতিয়া তোমাৰ হাতত কি আছে? মোক পাঁচটা পিঠা বা ইয়াত যি আছে তাকে দিয়া।”

4. পুৰোহিতে দায়ূদক উত্তৰ দি ক’লে, “মোৰ হাতত সাধাৰণ পিঠা নাই, কিন্তু পবিত্ৰ পিঠাহে আছে; যদি যুৱকসকলে নিজকে মহিলাৰ পৰা পৃথকে ৰাখে।”

5. দায়ূদে পুৰোহিতক উত্তৰ দিলে, “নিশ্চয়কৈ এই তিনি দিন আমাৰ পৰা মহিলাসকলক পৃথকে ৰাখিম। যেতিয়া মই ওলাই আহিলোঁ, যুৱকসকলৰ শৰীৰ পবিত্ৰ আছিল, যদিও বা এই যাত্ৰা সাধাৰণ আছিল। আজি তেওঁলোকৰ শৰীৰ আৰু কিমান পবিত্ৰ হ’ব লাগে?”

6. তাতে পুৰোহিতে তেওঁক পবিত্ৰ পিঠা দিলে। কাৰণ তাত আন পিঠা নাছিল, কেৱল তাত থকা পিঠা যি যিহোৱাৰ সন্মুখৰ পৰা আঁতৰোৱা হৈছিল যাতে তাৰ ঠাইত গৰম পিঠা ৰাখিব পৰা যায়।

7. সেই দিনা চৌলৰ দাসবোৰৰ মাজৰ ইদোমীয়া দোৱেগ নামেৰে এজন লোক যিহোৱাৰ সন্মুখত, তেওঁ চৌলৰ প্ৰধান পশুপালক আছিল।

8. দায়ূদে অহীমেলকক ক’লে, “তোমাৰ এই ঠাইত যাঠি বা তৰোৱাল একো নাই নে? কাৰণ, মই ৰজাৰ জৰুৰী কাৰ্য কৰিব লগা হোৱাত, মই নিজৰ তৰোৱাল বা অস্ত্ৰ লগত অনা নহ’ল।”

9. পুৰোহিতে ক’লে, “এলা উপত্যকাত তুমি যাক বধ কৰিছিলা সেই পলেষ্টীয়া গলিয়াথৰ তৰোৱাল এফোদৰ পাছফালে কাপোৰেৰে মেৰোৱা আছে। যদি তুমি লব খোজা, লোৱা, কাৰণ তাৰ বাহিৰে আন কোনো অস্ত্ৰ ইয়াত নাই।” তাতে দায়ূদে ক’লে, “তাৰ সমান তৰোৱাল আৰু নাই; তাকে মোক দিয়া।”

10. তাৰ পাছত দায়ুদ উঠি চৌলৰ ভয়ত পলাল আৰু সেই দিনাই গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল।

11. আখীচৰ দাসবোৰে তেওঁক ক’লে, “এই মানুহ জন জানো দেশৰ ৰজা দায়ুদ নহয় নে? তেওঁলোকে নাচি নাচি তেওঁৰ বিষয়ে পৰস্পৰে গান গাই কোৱা নাই নে - “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক?”

12. তাতে দায়ূদে সেই কথা হৃদয়ত ৰাখি গাতৰ ৰজা আখীচলৈ অতিশয় ভয় কৰিলে।

13. তেওঁ নিজৰ আচৰণ সলনি কৰিলে আৰু দুৱাৰত আঁকি-বাকি আৰু নিজৰ ডাঢ়িৰ ওপৰত লালটি বোৱাই তেওঁলোকৰ আগত বলীয়াৰ ভাও ধৰিলে।

14. তাতে আখীচে তেওঁৰ দাসবোৰক ক’লে, “চোৱা, এই মানুহজন বলীয়া। তেওঁক মোৰ ওচৰলৈ কিয় আনিছা?

15. মোৰ জানো বলীয়া মানুহৰ অভাৱ হৈছে, যে, মোৰ ওচৰত বলীয়াৰ দৰে ব্যৱহাৰ কৰিবলৈ তোমালোকে ইয়াক আনিলা, এই মানুহ মোৰ গৃহত সোমাব নে?”