Read Bible

Free to use • No login or registration required • For all ages

Choose your language, version, book, and chapter below. You can optionally pick a single verse for a focused view. Then click Go to see the passage. Need help? See our How to use guide.

1 Samuel 15

1. চমূৱেলে চৌলক ক’লে, “যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰজা হ’বৰ অৰ্থে তোমাক অভিষেক কৰিবলৈ মোক পঠাইছিল; এই হেতুকে এতিয়া তুমি যিহোৱাৰ বাক্য শুনা।

2. বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলসকল, মিচৰৰ পৰা ওলাই অহা সময়ত অমালেকে বাটৰ মাজত তেওঁলোকক কি দৰে বাধা দিছিল, তালৈ মই লক্ষ্য কৰিলোঁ।

3. সেয়ে যোৱা, অমালেকক প্ৰহাৰ কৰা আৰু তেওঁলোকৰ যি সকলো আছিল তাক নষ্ট কৰা, তেওঁলোকলৈ দয়া নকৰিবা; কিন্তু পুৰুষ আৰু নাৰী, শিশু আৰু পিয়াহ খোৱা কেঁচুৱা, গৰু, মেৰ, ছাগলী, উট আৰু গাধ সকলোকে বধ কৰিবা।”

4. চৌলে লোকসকলক মাতি আনিলে আৰু টলায়ীমত তেওঁলোকক গণনা কৰিলে; তাতে দুই লাখ পদাতিক আৰু যিহূদাৰ দহ হাজাৰ লোক হ’ল।

5. তাৰ পাছত চৌল অমালেকৰ নগৰলৈ গৈ উপত্যকাত অপেক্ষা কৰি থাকিল।

6. তেতিয়া চৌলে কেনীয়াসকলক ক’লে, “তোমালোক অমালেকীয়াসকলৰ মাজৰ পৰা ওলাই আঁতৰি যোৱা, তেতিয়া তেওঁলোকৰ লগত তোমালোককো বিনষ্ট নকৰিম। কাৰণ মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহা সময়ত তোমালোকে তেওঁলোকলৈ দয়া কৰিছিলা।” সেয়ে কেনীয়া সকল অমালেকৰ মাজৰ পৰা ওলাই গ’ল।

7. তাৰ পাছত চৌলে হবীলাৰ পৰা মিচৰৰ পূবফালে থকা চূৰলৈকে অমালেকীয়া সকলক আক্ৰমণ কৰিলে।

8. তেওঁ অমালেকীয়া সকলৰ ৰজা অগাগক জীৱিত অৱস্থাতে ধৰিলে, আৰু আন লোক সকলক তৰোৱালৰ ধাৰেৰে ধ্বংস কৰিলে।

9. কিন্তু চৌল আৰু লোকসকলে অগাগক আৰু উত্তম উত্তম মেৰ, ছাগলী, গৰু, হৃষ্টপুষ্ট দামুৰি আৰু মেৰ পোৱালিবোৰ আৰু আটাই উত্তম বস্তুবোৰ ধ্বংস নকৰিলে, কিন্তু যিবোৰ ঘিণলগা আৰু মূল্যহীন সেইবোৰক সম্পূৰ্ণ ভাৱে ধংস কৰিলে।

10. তাৰ পাছত চমূৱেললৈ যিহোৱাৰ বাক্য আহিল,

11. “চৌলক যে মই ৰজা পাতিলোঁ তাৰ বাবে মই দুখিত; কিয়নো তেওঁ মোৰ পৰা বিমুখ হ’ল আৰু মোৰ আজ্ঞাবোৰ পালন নকৰিলে।” তেতিয়া চমূৱেলৰ খং উঠিল, তেওঁ গোটেই ৰাতি যিহোৱাৰ আগত ক্ৰন্দন কৰিলে।

12. চমূৱেল ৰাতিপুৱাতে উঠি চৌলৰ লগত সাক্ষাৎ কৰিবলৈ গ’ল। কিন্তু চমূৱেলক এই কথা কোৱা হ’ল, “চৌলে কৰ্মিললৈ আহি নিজৰ কাৰণে এটা জয়স্তম্ভ স্থাপন কৰিলে, আৰু তাৰ পৰা ঘূৰি গিলগললৈ গুচি গ’ল।”

13. তাৰ পৰা চমূৱেল চৌলৰ ওচৰলৈ আহিল, চৌলে তেওঁক ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হওঁক; মই যিহোৱাৰ আজ্ঞা পালন কৰিলোঁ।”

14. চমূৱেলে ক’লে, “তেন্তে মোৰ কাণত মেৰ আৰু ছাগলীৰ বেবেনি হৈছে কিয়? আৰু গৰুৰ হেম্বেলনি মই শুনিছোঁ, কিয়?”

15. চৌলে ক’লে, “সেইবোৰ অমালেকীয়া সকলৰ পৰা অনা হৈছে; কিয়নো নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ কাৰণে লোকসকলে উত্তম উত্তম মেৰ ও ছাগলী, আৰু উত্তম উত্তম গৰু ৰাখিলে; কিন্তু অৱশিষ্টবোৰ আমি ধ্বংস কৰিলোঁ।”

16. চমূৱেলে চৌলক ক’লে, “ৰ’বা, যোৱা ৰাতি যিহোৱাই মোক যি ক’লে, তাক মই তোমাক কওঁ।” চৌল তেওঁক ক’লে, “কওক!”

17. চমূৱেলে ক’লে, “যদিও তুমি নিজৰ দৃ্ষ্টিত সৰু আছিলা, তথাপি ইস্ৰায়েলৰ ফৈদ সকলৰ মাজত তোমাক মুখ্য কৰা নহ’ল নে?” আৰু যিহোৱাই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলে।

18. যিহোৱাই তোমাক তোমাৰ পথত পঠাই দি ক’লে, যোৱা পাপী লোকসকলক সম্পূৰ্ণভাৱে ধংস কৰা, আৰু অমালেকীয়াসকল সম্পূৰ্ণ ভাৱে ধ্বংস নোহোৱালৈকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা।

19. তেনেহলে তুমি যিহোৱাৰ বাক্য কিয় পালন কৰা নাছিলা, কিন্তু তাৰ পৰিবৰ্তে কিয় লুট কৰা বস্তু জব্দ কৰি যিহোৱাৰ দৃষ্টিত কিয় পাপ কৰিলা?”

20. চৌলে চমূৱেলক ক’লে, “মই অৱশ্যে যিহোৱাৰ বাক্যলৈ পালন কৰিলোঁ। আৰু যিহোৱাই মোক যি বাটেদি পঠাইছিল, সেই বাটেদি গ’লো। অমালেকৰ ৰজা অগাগক মই বন্দী কৰিলোঁ, আৰু অমালেকীয়াসকলক সম্পূৰ্ণভাৱে ধ্বংস কৰিলোঁ।

21. কিন্তু লোকসকলে গিলগলত আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে সম্পূৰ্ণভাৱে ধংস কৰিবলগীয়া বস্তুৰ মাজৰ পৰা উত্তম যি ভাগ, যেনে মেৰ, ছাগলী, আৰু গৰু আনিলে।”

22. চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।

23. কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”

24. তাৰ পাছত চৌলে চমূৱেলক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো যিহোৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লঙ্ঘন কৰিলোঁ; কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ।

25. এতিয়া, মই বিনয় কৰোঁ, মোৰ পাপ ক্ষমা কৰক আৰু আপুনি মোৰ লগত ঘুৰি আহক যাতে মই যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”

26. চমূৱেলে চৌলক ক’লে, “মই তোমাৰ লগত ঘুৰি নাযাওঁ; কিয়নো তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, আৰু যিহোৱায়ো তোমাক ইস্ৰায়েলৰ ওপৰত হোৱা ৰজাপদৰ পৰা অগ্ৰাহ্য কৰিলে।”

27. যেতিয়া চমূৱেলে যাবলৈ মুখ ঘূৰালে, তেতিয়া চৌলে তেওঁৰ কাপোৰৰ আগভাগ ধৰিলে, আৰু সেইয়া ফাতি এৰাই গ’ল।

28. চমূৱেলে তেওঁক ক’লে, “যিহোৱাই আজি তোমাৰ পৰা ইস্ৰায়েলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈয়ো উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে।

29. আৰু ইস্ৰায়েলৰ যিহোৱাই কেতিয়াও মিছা কথা নকয়, বা তেওঁ মন সলনি নকৰে; কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব।”

30. তেতিয়া চৌলে ক’লে, “মই পাপ কৰিলোঁ; তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইস্ৰায়েলৰ আগত মোৰ মান ৰাখক। মোৰ লগত ঘুৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”

31. সেয়ে চমূৱেলে চৌলৰ পাছত ঘুৰি গ’ল, আৰু চৌলে যিহোৱাৰ প্ৰশংসা কৰিলে।

32. তাৰ পাছত চমূৱেলে ক’লে, “অমালেকৰ ৰজা অগাগক মোৰ ওচৰলৈ আনা।” অগাগে আনন্দ মনেৰে তেওঁৰ ওচৰলৈ আহিল, আৰু ক’লে, “নিশ্চয় মৃত্যু যন্ত্ৰণা দূৰ হ’ল।”

33. চমূৱেলে উত্তৰ দি ক’লে, “যিদৰে তোমাৰ তৰোৱালে অনেক মহিলাক সন্তানহীনা কৰিলে, সেইদৰে মহিলাসকলৰ মাজত তোমাৰ মাতৃও সন্তানহীনা হ’ব।” এইদৰে কৈ, চমূৱেলে গিলগলত যিহোৱাৰ সন্মুখত অগাগক ডোখৰ ডোখৰ কৰি কাটিলে।

34. তাৰ পাছত চমূৱেল ৰামালৈ গ’ল আৰু চৌল গিবিয়াত থকা নিজৰ ঘৰলৈ গ’ল।

35. কিন্তু তেতিয়াৰে পৰা মৃত্যুলৈকে চমূৱেলে চৌলক পুনৰ দেখা নকৰিলে, কাৰণ চমূৱেলে চৌলৰ বাবে শোক কৰিলে। আৰু যিহোৱাই ইস্ৰায়েলৰ ওপৰত চৌলক যে ৰজা পাতিলে, তাৰ বাবে তেওঁ বেজাৰ কৰিলে।