Read Bible
Free to use • No login or registration required • For all ages
Choose your language, version, book, and chapter below. You can optionally pick a single verse for a focused view. Then click Go to see the passage. Need help? See our How to use guide.
1. তাৰ পাছত কিৰিয়ৎ-যিয়াৰীমৰ লোকসলকে আহি যিহোৱাৰ নিয়ম-চন্দুক লৈ গ’ল আৰু পৰ্ব্বতত থকা অবীনাদবৰ ঘৰত ৰাখিলে। তাতে তেওঁলোকে যিহোৱাৰ সেই নিয়ম-চন্দুক ৰাখিবৰ বাবে তেওঁৰ পুতেক ইলিয়াজৰক পবিত্ৰ কৰিলে।
2. যিহোৱাৰ নিয়ম-চন্দুক কিৰিয়ৎ-যিয়াৰীমত থাকোঁতে বহু সময় অৰ্থাৎ বিশবছৰ অতিবাহিত হ’ল, আৰু ইস্ৰায়েলৰ আটাই বংশই যিহোৱাক অনুসৰণ কৰি চলিবৰ ইচ্ছাৰে শোক কৰিলে।
3. চমূৱেলে ইস্ৰায়েলৰ আটাই বংশক ক’লে, “তোমালোকে যদি তোমালোকৰ সকলো চিত্তেৰে যিহোৱালৈ উভটি আহা, আৰু তোমালোকৰ মাজৰ পৰা ভিন্ন দেশীয় দেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰ দূৰ কৰা আৰু যিহোৱালৈ নিজৰ মন পৰিবৰ্তন কৰি যদি কেৱল তেওঁৰেই সেৱা কৰা; তেনেহলে তেওঁ পলেষ্টীয়াসকলৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব।”
4. তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে বালদেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰো ত্যাগ কৰি কেৱল যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলে।
5. তাৰ পাছত চমূৱেলে ক’লে, “তোমালোকে গোটেই ইস্ৰায়েলক মিস্পাত গোটোৱা; সেই ঠাইত মই তোমালোকৰ অৰ্থে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম।”
6. তেতিয়া তেওঁলোকে মিস্পাত গোট খালে আৰু পানী তুলি যিহোৱাৰ আগত ঢালি দিলে। সেই দিনা লঘোন দি সেই ঠাইতে ক’লে, “আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” এইদৰে চমূৱেলে মিস্পাত ইস্ৰায়েলৰ সন্তান সকলৰ বিচাৰ কৰিলে।
7. ফিলিষ্টীয়াসকলে ইস্ৰায়েলৰ সন্তান সকল মিস্পাত গোট খোৱাৰ খবৰ পালে, আৰু পলেষ্টীয়াসকলৰ অধিপতিসকলে ইস্ৰায়েলক আক্ৰমণ কৰিবলৈ আহিল; সেয়ে ইস্ৰায়েলৰ সন্তান সকলে এই কথা শুনি ফিলিষ্টীয়াসকলৰ কাৰণে ভয় কৰিলে।
8. তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে চমূৱেলক ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাই পলেষ্টীয়াসকলৰ হাতৰ পৰা যেন আমাক উদ্ধাৰ কৰে, এই কাৰণে আপুনি তেওঁৰ আগত আমাৰ অৰ্থে কাতৰোক্তি কৰিবলৈ নেৰিব।”
9. তেতিয়া চমূৱেলে পিয়াহ খোৱা মেৰ পোৱালি এটি লৈ যিহোৱাৰ উদ্দেশ্যে হোমবলি উৎসৰ্গ কৰিলে আৰু চমূৱেলে ইস্ৰায়েলৰ অৰ্থে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে। তেতিয়া যিহোৱাই তেওঁক উত্তৰ দিলে।
10. চমূৱেলে হোমবলি উৎসৰ্গ কৰোঁতে, পলেষ্টীয়াসকলে ইস্ৰায়েলক আক্ৰমণ কৰিবলৈ ওচৰ চাপি আহিছিল; কিন্তু সেইদিনা যিহোৱাই ফিলিষ্টীয়া সকলৰ ওপৰত উচ্চ-ধ্ৱনিৰে মেঘ-গৰ্জ্জন কৰি ব্যাকুল কৰিলে; তাতে তেওঁলোক ইস্ৰায়েলৰ সন্মুখত পতিত হ’ল।
11. তেতিয়া ইস্ৰায়েলৰ লোক সকলে মিস্পাৰ পৰা ওলাই আহিল আৰু পলেষ্টীয়াসকলক আঘাত কৰি তেওঁলোকৰ পাছে পাছে গৈ বৈৎ-কৰৰ নামনিলৈকে খেদি গ’ল৷
12. তাৰ পাছত চমূৱেলে এটা শিল লৈ মিস্পা আৰু চেনৰ মাজ ঠাইত স্থাপন কৰিলে; আৰু “এতিয়ালৈকে যিহোৱাই আমাক সহায় কৰিলে” এইবুলি তাৰ নাম এবেন-এজৰ ৰাখিলে।
13. এইদৰে পলেষ্টীয়াসকল পৰাস্ত হ’ল আৰু ইস্ৰায়েলৰ অঞ্চললৈ তেওঁলোক পুনৰ নাহিল। চমূৱেলৰ জীৱনৰ শেষলৈকে যিহোৱাৰ হাত ফিলিষ্টীয়া সকলৰ অহিতে আছিল।
14. ইক্ৰোণৰ পৰা গাতলৈকে যিবোৰ নগৰ পলেষ্টীয়াসকলে ইস্ৰায়েলৰ পৰা কাঢ়ি লৈছিল, সেইবোৰ নগৰ পুনৰায় ইস্ৰায়েলৰ অধীন হ’ল; আৰু ইস্ৰায়েলে ফিলিষ্টীয়া সকলৰ হাতৰ পৰা সেইবোৰ অঞ্চল উদ্ধাৰ কৰিলে। তাতে ইমোৰীয়া সকলৰ লগত ইস্ৰায়েলৰ শান্তি স্থাপন হ’ল।
15. চমূৱেলে তেওঁৰ জীৱনৰ শেষলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিলে।
16. তেওঁ বছৰে বছৰে বৈৎএল, গিলগল আৰু মিস্পালৈ যায় আৰু সেইবোৰ ঠাইত ইস্ৰায়েলৰ বিচাৰ কৰে৷
17. তাৰ পাছত তেওঁ ৰামালৈ ঘূৰি আহে, কাৰণ তাতেই তেওঁৰ ঘৰ আছিল; আৰু সেই ঠাইতো তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰে। আৰু সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।