Read Bible

Free to use • No login or registration required • For all ages

Choose your language, version, book, and chapter below. You can optionally pick a single verse for a focused view. Then click Go to see the passage. Need help? See our How to use guide.

Genesis 41

1. এই ঘটনা ঘটি যোৱাৰ সম্পূৰ্ণ দুবছৰৰ পাছত, ফৰৌণে এটা সপোন দেখিলে। তেওঁ নীল নদীৰ দাঁতিত থিয় হৈ আছে।

2. এনে সময়ত নদীৰ পৰা দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সাতজনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।

3. তাৰ পাছত, দেখিবলৈ কুচ্ছিত আৰু ক্ষীণোৱা আন সাতজনী গৰুও সেই কেইজনীৰ পাছত নীল নদীৰ পৰা ওলাই, নদীৰ দাঁতিত আগতে অহা গৰু কেইজনীৰ ওচৰতে আহি থিয় হ’ল।

4. তাতে সেই ক্ষীণোৱা আৰু দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সেই গৰু সাতজনীক গিলি পেলালে। এনেতে ফৰৌণে সাৰ পালে।

5. তাৰ পাছত তেওঁ পুনৰ টোপনি গৈ দ্বিতীয় বাৰ সপোন দেখিলে; তেওঁ দেখিলে ঘেহুঁৰ একে ডাল ঠাৰিতে গুটিৰে ভৰা সাতোটা থোক ওলাল।

6. তেতিয়া চোৱা, সেইবোৰৰ পাছতে, পূবৰ বতাহত লেৰেলি শুকাই যোৱা এনে সাতোটা থোক ওলাল।

7. লেৰেলা থোকবোৰে গুটিৰে ভৰা সেই সাতোটা পূৰঠ থোক গিলি পেলালে। তেতিয়া ফৰৌণে সাৰ পাই দেখিলে যে, এইটো সপোনহে।

8. যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে।

9. তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই ফৰৌণক ক’লে, “আজি মোৰ নিজৰ অপৰাধৰ কথা মনত পৰিছে।

10. ফৰৌণে নিজৰ দাসবোৰলৈ ক্রোধিত হৈ মূখ্য ৰান্ধনিৰ সতে মোক কাৰাৰক্ষকৰ অধ্যক্ষৰ ঘৰৰ বন্দীশালত থৈছিল।

11. তেতিয়া সেই ৰাতিয়েই আমি দুয়ো এটা এটা সপোন দেখিলোঁ। আমি দেখা প্রত্যেকটো সপোনৰ বেলেগ বেলেগ অৰ্থ আছিল।

12. তেতিয়া সেই ঠাইত ৰক্ষক-সেনাপতিৰ ওচৰত এজন ইব্ৰীয়া ডেকা বন্দী হৈ আমাৰ লগত আছিল। আমি তেওঁৰ আগত আমাৰ সপোনৰ কথা ক’ওতে, তেওঁ আমাক সপোনৰ অর্থ ক’লে,

13. আৰু তেওঁ যেনেকৈ আমাক সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে আমালৈ ঘটিল। মোক মহাৰাজে পুনৰায় আগৰ পদতে নিযুক্ত কৰিলে, কিন্তু অন্য সকলক হ’লে ফাঁচি দিলে।”

14. তেতিয়া ফৰৌণে যোচেফক আনিবলৈ মানুহ পঠালে। বন্দীশালৰ পৰা তেওঁক যেতিয়া বেগাই উলিয়াই দিয়া হ’ল; তেতিয়া তেওঁ মূৰ খুৰালে আৰু কাপোৰ সলাই ফৰৌণৰ সন্মুখলৈ আহিল।

15. তাতে ফৰৌণে যোচেফক ক’লে, “মই এটা সপোন দেখিলোঁ, তাৰ অর্থ বুজাই দিব পৰা কোনো নাই; কিন্তু তুমি শুনামাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ।”

16. তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”

17. তেতিয়া ফৰৌণে যোচেফক ক’লে, “মই সপোনত নীল নদীৰ দাঁতিত থিয় হৈ আছিলোঁ;

18. এনে সময়ত নদীৰ পৰা হৃষ্টপুষ্ট আৰু দেখিবলৈ সুন্দৰ সাত জনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।

19. পাছত চোৱা, ক্ষীণোৱা, দেখিবলৈ কূচ্ছিত, চেৰেলা গাৰে সাত জনী গৰুও সেই কেইজনীৰ পাছত ওলাই আহিল; তেনেকুৱা কুচ্ছিত গৰু মই গোটেই মিচৰ দেশত কেতিয়াও দেখা নাই।

20. আৰু চেৰেলা গাৰে দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে প্ৰথমে হৃষ্টপুষ্ট গৰু সাত জনী গিলি পেলালে।

21. যেতিয়া হৃষ্টপুষ্ট গৰুবোৰ কুচ্ছিত কেইজনীয়ে খালে, সেইবোৰ চেৰেলা কেইজনীৰ পেটত সোমোৱা যেন নালাগিল। কিন্তু সিহঁত আগৰ দৰে কুচ্ছিত হৈয়েই থকিল। তেতিয়া মই সাৰ পালোঁ।

22. মই পুনৰাই সপোন দেখিলোঁ, একে ডাল ঠাৰিতে গুটিৰে ভৰা ঘেহুঁৰ উত্তম সাতোটা থোক ওলাল।

23. তেতিয়া সেইবোৰৰ পাছত শুকান, পতনুৱা সেইবোৰ পুবৰ গৰম বতাহত শুকায় গৈছিল, এনে সাতোটা থোকো ওলাল।

24. পাছত সেই শুকান পতনুৱা থোকবোৰে সাতোটা উত্তম থোক গিলি পেলালে। পাছত শাস্ত্ৰজ্ঞসকলক মই ক’লোঁ; কিন্তু কোনেও মোক তাৰ অর্থ ক’ব নোৱাৰিলে।”

25. তেতিয়া যোচেফে ফৰৌণক ক’লে, “ফৰৌণৰ সপোনৰ অৰ্থও একেই। ঈশ্বৰে যি কৰিব খুজিছে, তাক তেওঁ ফৰৌণক জনাইছে।

26. সেই সাত জনী উত্তম গৰু সাত বছৰক বুজায়; সেই সাতোটা উত্তম থোকেও সাত বছৰক বুজায়; সপোনৰ অৰ্থও একেই।

27. পাছত অহা সেই কুচ্ছিত সাত জনী গৰুও সাত বছৰ, পূবৰ বতাহত শুকুৱা গুটি নথকা সাতোটা থোকেও সাত বছৰক বুজায়। সেইবোৰ আকালৰ সাত বছৰ হ’ব।

28. মই ফৰৌণৰ আগত ইয়াকে ক’লোঁ যে, ঈশ্বৰে যি কৰিব খুজিছে, তাকেহে তেওঁ ফৰৌণক দেখুৱাইছে।

29. তাতে গোটেই মিচৰ দেশত এনে সাতটা বছৰ আহিব য’ত বহুত শষ্য উৎপন্ন হ’ব।

30. সেইবোৰৰ পাছত হ’ব আকালৰ সাত বছৰ, তাতে মিচৰ দেশত বহু শস্যৰ কথা সকলোৱে পাহৰি যাব; আৰু সেই আকালে দেশখনকে নষ্ট কৰিব।

31. এই আকালৰ কাৰণে লোকসকলৰ দেশত, আগতে উৎপন্ন হোৱা বহু শস্যৰ কথা মনত নপৰিব। কিয়নো এইটো অতিশয় ভয়ংকৰ হ’ব।

32. ফৰৌণৰ আগত দুবাৰ এই সপোন দেখুৱা হৈছে। ইয়াৰ কাৰণ হৈছে ঈশ্বৰে, নিজ মন স্থিৰ কৰিছে আৰু ঈশ্বৰে অতি শীঘ্ৰেই এই সকলো কৰিব।

33. এই হেতুকে এতিয়া ফৰৌণ ৰজাই এনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি আনক, তেওঁক আনি আপুনি মিচৰ দেশৰ ওপৰত নিযুক্ত কৰক।

34. ফৰৌণে এইদৰে কৰক; তেওঁ দেশৰ ওপৰত বিষয়াসকলক পাতক আৰু বহু শস্য উৎপন্ন হোৱা সাত বছৰত, মিচৰ দেশৰ পৰা শস্য পাঁচ ভাগৰ এভাগ তুলি আনক।

35. এই লোকসকলে অহা বছৰ কেইটাৰ সকলো শস্য গোটাই ফৰৌণৰ অধীনলৈ আহাৰ হ’বৰ কাৰণে নগৰে নগৰে তাক সাঁচি ৰাখক। তাক সুৰক্ষা দিয়ক।

36. এইদৰে মিচৰ দেশত আগলৈ হ’ব লগা আকালৰ সাত বছৰৰ কাৰণে, সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব; তাতে আকালত দেশখন বিনষ্ট নহব।”

37. তেতিয়া ফৰৌণে আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলেও এই সকলো কথাকে উত্তম দেখিলে।

38. তেতিয়া ফৰৌণে তেওঁৰ পাত্ৰমন্ত্ৰীসকলক ক’লে, “এই যি জন মানুহত ঈশ্বৰৰ আত্মা আছে, এওঁৰ নিচিনা আমি কাক পাম?”

39. তেতিয়া ফৰৌণে যোচেফক ক’লে, “ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে; এই যে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই।

40. তুমিয়েই মোৰ ঘৰৰ অধ্যক্ষ হ’ব লাগে; মোৰ সকলো প্ৰজা তোমাৰ কথাৰ দৰেই চলিব; কেৱল সিংহাসনতহে মই তোমাতকৈ শ্ৰেষ্ঠ হ’ম।”

41. ফৰৌণে যোচেফক পুনৰ ক’লে, “চোৱা, গোটেই মিচৰ দেশৰ ওপৰত মই তোমাক নিযুক্ত কৰিলোঁ।”

42. পাছত ফৰৌণে নিজৰ হাতৰ পৰা মোহৰ মৰা আঙঠি সোলোকাই যোচেফৰ হাতৰ আঙুলিত পিন্ধাই দিলে। তেওঁক আৰু মিহি শণ সূতাৰ কাপোৰ পিন্ধাই, ডিঙিত সোণৰ অলঙ্কাৰও দিলে।

43. তেওঁক নিজৰ দ্বিতীয় ৰথত উঠালে; তাতে লোকসকলে তেওঁৰ আগে আগে “আঁঠুকাঢ়া” বুলি ঘোষণা কৰিলে। এইদৰে ফৰৌণে তেওঁক গোটেই মিচৰ দেশ খনৰ ওপৰত নিযুক্ত কৰিলে।

44. ফৰৌণে যোচেফক ক’লে, “মই ফৰৌণ, কিন্তু তোমাৰ বিনা অনুমতিত গোটেই মিচৰ দেশত কোনেও হাত, ভৰি লৰচৰ কৰিব নোৱাৰিব।”

45. ফৰৌণে যোচেফৰ নাম “চাফনৎপানেহ ৰাখিলে।” তেওঁ ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতৰ লগত বিয়া পাতি দিলে। পাছত যোচেফ গোটেই মিচৰ দেশ খন চাব লৈ ওলাই গ’ল।

46. যোচেফ মিচৰৰ ৰজা ফৰৌণৰ আগত উপস্থিত হোৱা সময়ত, তেওঁৰ বয়স ত্ৰিশ বছৰ হৈছিল। যোচেফ ফৰৌণ ৰজাৰ আগৰ পৰা ওলাই গ’ল আৰু মিচৰ দেশৰ সকলো ঠাইতে ফুৰিলে।

47. তাতে বহু শস্য হোৱা সেই সাত বছৰত ভূমিয়ে মুঠিয়ে মুঠিয়ে শস্য উৎপন্ন কৰিলে।

48. মিচৰ দেশত সেই সাত বছৰত উৎপন্ন হোৱা সকলো শস্য গোটাই, তেওঁ নগৰে নগৰে সাঁচি হ’ল; প্ৰত্যেক নগৰৰ চাৰিওফালৰ পথাৰত যি শস্য উৎপন্ন হ’ল, তাক তেওঁ সেই নগৰতে সাঁচি থলে।

49. এইদৰে যোচেফে সাগৰৰ বালিৰ দৰে ইমান বহু শস্য গোটালে যে, তাক পাছত লেখিবলৈকে এৰিলে; কিয়নো সেয়ে অসংখ্য হৈছিল।

50. যোচেফৰ দুটি পুত্র আকাল অহাৰ আগেয়ে জন্ম পালে, ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে জন্ম দিলে।

51. তাতে যোচেফে জ্যেষ্ঠ পুত্ৰৰ নাম মনচি হ’ল; কিয়নো তেওঁ ক’লে, “ঈশ্বৰে মোৰ সকলো দুখ আৰু নিজ পিতৃৰ ঘৰকো পাহৰাইছে।”

52. দ্বিতীয় পুত্ৰৰ নাম তেওঁ ইফ্ৰয়িম ৰাখিলে; কাৰণ তেওঁ ক’লে, “ঈশ্বৰে মোক দুখ ভোগ কৰা এই দেশত ফলৱান কৰিলে।”

53. তাৰ পাছত মিচৰ দেশত বহু শষ্য উৎপন্ন হোৱা সাত বছৰ শেষ হ’ল।

54. তাতে যোচেফে কোৱাৰ দৰেই আকালৰ সাত বছৰ আৰম্ভ হ’ল, তেতিয়া সকলো দেশতে আকাল হ’ল; কিন্তু গোটেই মিচৰ দেশত হ’লে আহাৰ আছিল।

55. যেতিয়া মিচৰ দেশৰ গোটেইখনতে আকাল হ’বলৈ ধৰিলে, তেতিয়া প্ৰজাসকলে আহাৰৰ অৰ্থে ফৰৌণ ৰজাৰ আগত ভিক্ষা খুজিলে গৈ; তাতে ফৰৌণে সকলো মিচৰীয়াকে ক’লে, “তোমালোকে যোচেফৰ ওচৰলৈ যোৱা; তেওঁ যি কৰিবলৈ কয়, তাকে তোমালোকে কৰিবা।”

56. তেতিয়া গোটেই দেশতে আকাল হ’ল, যোচেফে সকলো ঠাইৰ ভঁৰালবোৰ খুলিলে আৰু মিচৰীয়াসকলৰ ওচৰত শস্য বেচিবলৈ ধৰিলে। সেই সময়ত মিচৰ দেশত ভয়ংকৰ আকাল হ’ল।

57. সকলো দেশৰ মানুহবোৰে শস্য কিনিবৰ কাৰণে মিচৰ দেশত থকা যোচেফৰ ওচৰলৈ আহিল; কিয়নো গোটেই পৃথিৱীত ভীষণ আকাল হ’বলৈ ধৰিলে।