Read Bible
Free to use • No login or registration required • For all ages
Choose your language, version, book, and chapter below. You can optionally pick a single verse for a focused view. Then click Go to see the passage. Need help? See our How to use guide.
1. লেয়াৰ গৰ্ভত দীনা নামেৰে যাকোবৰ যিগৰাকী ছোৱালীৰ জন্ম হৈছিল, তাই এদিন সেই ঠাইৰ ছোৱালীবোৰৰ লগত দেখা কৰিবলৈ ওলাই গৈছিল।
2. তেতিয়া চিখিম নামৰ সেই দেশৰ ৰজা হিব্বীয়া হমোৰৰ পুতেকে তাইক দেখা পালে। চিখিমে দীনাক ধৰি নি বেয়া ব্যৱহাৰ কৰিলে।
3. চিখিম যাকোবৰ জীয়েক দীনাৰ প্রেমত পৰি আকৰ্ষিত হৈছিল; তেওঁ দীনাক ভাল পাইছিল আৰু তাইৰ লগত মৰমেৰে কথা পাতিছিল।
4. চিখিমে নিজৰ বাপেক হমোৰক ক’লে, “আপুনি এই ছোৱালীগৰাকীক মোক বিয়া কৰাই দিয়ক।”
5. জীয়েক দীনাক যে সেই ল’ৰাজনে বেয়া ব্যৱহাৰ কৰিলে, যাকোবৰ কাণত পৰিল। সেই সময়ত যাকোবৰ পুত্ৰসকল পথাৰত পশুধন চৰাবলৈ গৈছিল; সেয়ে তেওঁলোক আহি নোপোৱালৈকে যাকোব মনে মনে থাকিল।
6. চিখিমৰ বাপেক হমোৰ যাকোবৰে সৈতে কথা-বতৰা হ’বলৈ ওলাই আহিল।
7. এই বিষয়ে শুনি যাকোবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল; তেওঁলোকে মনত যিমান কষ্ট পালে, সিমান বেছিকৈ খঙত জ্বলিও উঠিল। কিয়নো যাকোবৰ জীয়েকৰ প্রতি বেয়া ব্যৱহাৰ কৰি চিখিমে ইস্ৰায়েলৰ প্রতি এক অপমানৰ কার্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল।
8. হমোৰে তেওঁলোক সকলোকে ক’লে, “মোৰ পুত্র চিখিমে আপোনালোকৰ ছোৱালীক ভাল পায়। অনুগ্রহ কৰি তাইক আপোনালোকে মোৰ পুত্ৰলৈ বিয়া দিয়ক।
9. ইয়াৰ দ্বাৰা আপোনালোকৰ সৈতে আমাৰ বিবাহৰ এক ব্যৱস্থা হ’ব। আপোনালোকৰ জীয়ৰী আমালৈ দিয়ক আৰু আমাৰ জীয়ৰীকো আপোনালোকে বিয়া কৰি গ্ৰহণ কৰিব পাৰিব।
10. আপোনালোকে আমাৰ মাজতে বাস কৰক। আপোনালোকৰ কাৰণে এই দেশ মুকলি হৈ আছে; ইয়াতেই থাকি বেহা বেপাৰ কৰি ঐশ্বৰ্য্যৱন্ত হওঁক।”
11. চিখিমেও দীনাৰ বাপেক আৰু ভায়েক ককায়েকসকলক ক’লে, “আপোনালোকে মোলৈ এই অনুগ্ৰহ দান কৰক; আপোনালোকে মোক যিহকে কব, মই তাকে কৰিম।
12. বিয়াৰ ধন আৰু উপহাৰ হিচাবে আপোনালোকে যিহকে দাবী কৰিব, মই সেই সকলো আপোনালোকক দিম; আপোনালোকে মাথোন ছোৱালীজনীক মোৰ লগত বিয়া দিয়ক।”
13. যিহেতু চিখিমে তেওঁলোকৰ ভনীয়েক দীনাক ভ্রষ্ট কৰিলে, সেয়ে যাকোবৰ পুত্রসকলে চিখিম আৰু তেওঁৰ বাপেক হমোৰক ছলনাৰে উত্তৰ দিলে।
14. তেওঁলোকে ক’লে, “আমি এনে কাম কৰিব নোৱাৰোঁ; যাৰ চুন্নৎ কৰা হোৱা নাই, এনে কাৰো লগত আমাৰ ভনীক বিয়া দিয়াটো আমাৰ বাবে অসন্মানৰ বিষয়।
15. কেৱল এটা কাৰ্য কৰিলে আমি আপোনালোকৰ কথাত মান্তি হ’ব পাৰোঁ; সেয়া হৈছে আপোনালোকৰ প্রত্যেকজন পুৰুষে আমাৰ নিচিনাকৈ চুন্নৎ হ’ব লাগিব।
16. তেতিয়া আমি আপোনালোকলৈ আমাৰ ছোৱালী দিম; আপোনালোকৰ ছোৱালীবোৰকো আমি গ্ৰহণ কৰিম আৰু আমি আপোনালোকৰ সৈতে নিবাস কৰি এক জাতি হ’ম।
17. কিন্তু যদি আপোনালোকে আমাৰ কথা নুশুনে আৰু চুন্নৎ হবলৈ মান্তি নহয়, তেনেহলে আমাৰ ছোৱালীক লৈ আমি ইয়াৰ পৰা গুচি যাম।”
18. তেওঁলোকৰ কথাত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে সন্তোষ পালে।
19. পৰিয়ালৰ সকলোতকৈ সন্মানীত ব্যক্তি যুবক চিখিমে পলম নকৰি তেওঁলোকে কোৱা কথাত সন্মতি জনালে; কাৰণ তেওঁ যাকোবৰ জীয়েকক বৰ ভাল পাইছিল।
20. পাছত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে তেওঁলোকৰ নগৰৰ দুৱাৰ মুখলৈ গৈ নগৰৰ লোক সকলৰ সৈতে কথোপকথন কৰিলে।
21. তেওঁলোকে ক’লে, “এই লোকসকল আমাৰ সৈতে মিলেৰে আছে; তেওঁলোক থাকিবৰ কাৰণে আমাৰ দেশত যথেষ্ট এক বৃস্তিত ঠাই আছে। তেওঁলোক ইয়াতেই থাকক আৰু বেহা-বেপাৰ কৰক। আমি তেওঁলোকৰ ছোৱালীবোৰক বিয়া কৰাই আনিম আৰু আমাৰ ছোৱালীকো তেওঁলোকলৈ দিম।
22. কিন্তু মাথোন এটা কথাহে আছে, তেওঁলোক যেনেকৈ চুন্নৎ হোৱা লোক, আমি প্ৰত্যেক পুৰুষেও তেনেকৈ চুন্নৎ হলেহে তেওঁলোক আমাৰ কথাত আমাৰ মাজত নিবাস কৰি এক জাতি হ’বলৈ মান্তি হ’ব।
23. তেওঁলোকৰ পশুধন আৰু সা-সম্পত্তি - অর্থাৎ সকলো জীৱ-জন্তুৱেই জানো আমাৰ নহ’ব? গতিকে আহঁক, আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁহক; তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব।”
24. তেতিয়া নগৰৰ সকলো মানুহে হমোৰ আৰু তেওঁৰ পুতেক চিখিমৰ কথাত মান্তি হ’ল আৰু প্ৰত্যেক পুৰুষৰ চুন্নৎ কৰা হ’ল।
25. তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দীনাৰ ককায়েক অর্থাৎ যাকোবৰ দুজন পুতেক চিমিয়োন আৰু লেবীয়ে তৰোৱাল লৈ হঠাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে।
26. তেওঁলোকে হমোৰ আৰু চিখিমক তৰোৱালৰ ধাৰেৰে বধ কৰিলে আৰু চিখিমৰ ঘৰৰ পৰা দীনাক উলিয়াই আনিলে।
27. ভনীয়েকক ভ্রষ্ট কৰাৰ কাৰণে যাকোবৰ আন আন পুত্ৰসকলেও হত হোৱা লোকসকলৰ কাষলৈ গৈ নগৰখন লুটপাত কৰিলে।
28. নগৰৰ ভিতৰত আৰু পথাৰত চৰি থকা তেওঁলোকৰ যিমান মেৰ-ছাগ, ছাগলী, গৰু, গাধ আদি আছিল, সেই সকলো তেওঁলোকে লৈ গ’ল।
29. তেওঁলোকে লোকসকলৰ ধন-সম্পদ, ভার্য্যা আৰু তেওঁলোকৰ শিশুসকলক বন্দী কৰি নিলে; এনেকি ঘৰত থকা বস্তুবোৰো তেওঁলোকে লুট কৰি নিলে।
30. যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”
31. তাতে চিমিয়োন আৰু লেবীয়ে ক’লে, “চিখিমে আমাৰ ভনীক জানো বেশ্যাৰ দৰে ব্যৱহাৰ কৰা উচিত আছিল?”