Read Bible
Free to use • No login or registration required • For all ages
Choose your language, version, book, and chapter below. You can optionally pick a single verse for a focused view. Then click Go to see the passage. Need help? See our How to use guide.
1. অব্ৰামৰ ভাৰ্যা চাৰী তেতিয়ালৈকে নিঃসন্তান আছিল; হাগাৰ নামেৰে চাৰীৰ এগৰাকী মিচৰীয়া দাসী আছিল।
2. এদিন চাৰীয়ে অব্ৰামক ক’লে, “চোৱা, যিহোৱাই মোক নিঃসন্তান কৰি ৰাখিছে। সেই কাৰণে আপুনি মোৰ দাসীৰ শয্যাৰ সংগী হওঁক, কিজানি মই তাইৰ পৰা সন্তান লাভ কৰিম।” তেতিয়া অব্ৰাম চাৰীৰ কথাত মান্তি হ’ল।
3. কনান দেশত অব্ৰামে দহ বছৰ কটোৱাৰ পাছত ভাৰ্যা চাৰীয়ে তেওঁৰ মিচৰীয়া দাসী হাগাৰক আনি নিজৰ স্বামী অব্ৰামৰ সংগী কৰি দিলে।
4. অব্ৰামে হাগাৰৰ সৈতে একেলগ হোৱাত তাই গৰ্ভৱতী হ’ল। হাগাৰে যেতিয়া বুজি পালে যে তাই গৰ্ভৱতী হৈছে, তেতিয়া তাই নিজৰ গৰাকীয়ণীক তুচ্ছ জ্ঞান কৰিবলৈ ধৰিলে।
5. সেয়ে চাৰীয়ে অব্ৰামক ক’লে, “মোৰ প্রতি কৰা তাইৰ এই অন্যায়ৰ কাৰণে আপুনিয়ে দায়ী; মোৰ এই দাসীক ময়েই আপোনাৰ বাহুত দিলোঁ; কিন্তু এতিয়া তাই নিজকে গৰ্ভৱতী হোৱা জানি মোকেই হেয়জ্ঞান কৰিছে; এতিয়া যিহোৱায়ে আপোনাৰ আৰু মোৰ মাজত বিচাৰ কৰক।”
6. অব্ৰামে চাৰীক ক’লে, “চোৱা, তোমাৰ দাসী তোমাৰ অধীনতে আছে; গতিকে যিহকে ভাল বুলি ভাবা, তুমি তাইৰ প্রতি তাকে কৰা।” তেতিয়া চাৰীয়ে হাগাৰৰ প্রতি এনে কঠোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে যে তাই তেওঁৰ ওচৰৰ পৰা পলাই গ’ল।
7. পাছত মৰুপ্রান্তৰৰ মাজত এটা জলৰ ভুমুকৰ কাষত যিহোৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকতো চূৰলৈ যোৱাৰ পথত আছিল।
8. যিহোৱাৰ দূতে ক’লে, “হেৰা চাৰীৰ দাসী হাগাৰ, তুমি ক’ৰ পৰা আহিছা আৰু ক’লৈ গৈ আছা?” তাই ক’লে, “মই মোৰ গৰাকীয়ণী চাৰীৰ ওচৰৰ পৰা পলাই আহিছোঁ।”
9. তেতিয়া যিহোৱাৰ দূতে ক’লে, “তুমি তোমাৰ গৰাকীয়ণীৰ ওচৰলৈ উলটি যোৱা আৰু তেওঁৰ অধীনত থাকি বাধ্য হোৱা।”
10. যিহোৱাৰ দূতে পুনৰ তাইক ক’লে, “মই তোমাৰ বংশৰ লোকৰ সংখ্যা ইমান বৃদ্ধি কৰিম যে তেওঁলোকৰ সংখ্যা গণিবই নোৱাৰা হ’ব।”
11. পুনৰ যিহোৱাৰ দূতে তাইক ক’লে, “চোৱা, তুমি গৰ্ভৱতী। তোমাৰ এটি পুত্ৰ জন্ম হ’ব; তুমি সেই ল’ৰাৰ নাম ইশ্মায়েল ৰাখিবা; কিয়নো যিহোৱাই তোমাৰ দূখৰ কথা শুনিলে।
12. মানুহ হলেও সেই ল’ৰা বনৰীয়া গাধৰ দৰে হ’ব। সি তাৰ সকলো ভাইৰ বিৰুদ্ধে শত্রুভাৱ কৰিব আৰু সকলো মানুহেও তাক শত্রু জ্ঞান কৰিব; সি নিজৰ ভাইসকলৰ দেশৰ কাষত বাস কৰিব।”
13. এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা যিহোৱাক এই নাম দিলে, আল-ৰোৱী কিয়নো তাই ক’লে, “মই তেনেহলে সচাঁকৈয়ে যি জনাই মোক চাই আছে, সেইজনা যিহোৱাক দেখিলোঁ নেকি!”
14. সেই নাদৰ নাম বেৰ-লহয়-ৰোৱী হ’ল; সেই নাদ কাদেচ আৰু বাৰদৰ মাজত অৱস্থিত
15. পাছত হাগাৰে অব্ৰামলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু অব্ৰামে হাগাৰৰ পৰা জন্মা সেই পুত্ৰৰ নাম ইশ্মায়েল হ’ল।
16. অব্রামৰ ছয়াশী বছৰ বয়সত হাগাৰে অব্ৰামলৈ ইশ্মায়েলক প্ৰসৱ কৰিলে।